ৰাজ্যত পুনৰ ক’ৰোনা আতংকৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে লকডাউনৰ ভুৱা খবৰ প্ৰকাশ পাইছিল বিভিন্ন সংবাদমাধ্যমত।
কিন্তু এই সন্দৰ্ভত হোজাইত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰে যে, কৰ’ণা বিয়পাৰ খবৰটো অতিৰঞ্জিত কৰিছে।
অসমত ক’ভিড প্ৰট’কলৰ প্ৰয়োজন নাই।মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক। ৰাইজ আতংক নহ’ব।”
“ৰাজ্যত মঙলবাৰে ১৪ জন আৰু সোমবাৰে ৭ জন আক্ৰান্ত হৈছে কিন্তু ইয়াক লৈ কোনো চিন্তাৰ কাৰণ নাই।
প্ৰতিদিনে ৩৫০০ লোক আক্ৰান্ত হোৱাৰ সময়তে আমি লকডাউন দিয়া নাছিলো।
নতুন ক’ভিড প্ৰট’কলৰ একো প্ৰয়োজন নাই।
কিবা প্ৰয়োজন থাকিলে জনাম।” বৰ্তমান ৰাজ্যত লকডাউন নহয় বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Photo: Google