আজি অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালাত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা।
দৰাচলতে, নিৰ্বাচনী আয়োগে দিল্লীস্থিত বিজ্ঞান ভৱনত আজি বিয়লি ৪.৩০ বজাত সংবাদমেল আয়োজন কৰিব।
এই সংবাদমেলতে ৪খন ৰাজ্য আৰু এখন কেন্দ্ৰ শাসিত ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা।
নিৰ্বাচনী আয়োগৰ সূত্ৰ অনুসৰি, পশ্চিমবংগত ৬ৰ পৰা ৮টা পৰ্যায়ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।
ইয়াৰোপৰি কেৰালা, তামিলনাডু আৰু পুডুচেৰীত এটা পৰ্যায়তে ভোটদান প্ৰক্ৰিয়া কৰোৱাৰ সম্ভাৱনা।
৫খন ৰাজ্যৰ ভোটগণনা এদিনতে হ’ব। ১ মে’ৰ পূৰ্বে বিধানসভা গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
দৰাচলতে, ৪ মে’ৰ পৰা বৰ্ডৰ পৰীক্ষা আৰম্ভ হ’ব। যাৰ বাবে নিৰ্বাচনী আয়োগে ৫খন ৰাজ্যত ১ মে’ৰ পূৰ্বে নিৰ্বাচনী কাৰ্যকলাপ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে।
Photo: Google