ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷
অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে প্ৰথম, তৃতীয় আৰু পঞ্চম ষাণ্মাষিকৰ পৰীক্ষা ৷
পৰৱৰ্তী সময়ত ঘোষণা কৰিব সময়সূচী ৷
বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ পৰীক্ষাৰ ক্ষেত্ৰত জাৰি কৰিছে এই নিৰ্দেশনা ৷
উল্লেখ্য, প্ৰথম আৰু তৃতীয় ষাণ্মাষিকৰ পৰীক্ষা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷
৯ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল পঞ্চম ষাণ্মাষিকৰ পৰীক্ষা ৷
প্ৰথম ষাণ্মাষিকৰ পৰীক্ষা (CBCS)ৰ পৰীক্ষা ২০ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷
সকলো পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷