সমাগত বিধানসভা নিৰ্বাচন। কিন্তু এতিয়াও চলি আছে দল সলনিৰ নাটকবাজী।
ক’ত যাব, ক’ৰ পৰা খেলিব সেয়া এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা কেইজনমান নেতাই।
ইয়াৰ ভিতৰত নাম যদি লও পলাশ চাংমাইৰ নাম উল্লেখ কৰিব পাৰি।
কাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততো দল সলনি কৰাৰ নাটকখনেই শেষ কৰিব পৰা নাই এইজন যুৱনেতাই।
কাৰণ, নিৰ্বাচনৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ প্ৰাক্তন সভাপতি পলাশ চাংমাইৰ অসম জাতীয় পৰিষদ(AJP)ত যোগদান।
সোণাৰি সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত অংশ ল’ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।
উল্লখযোগ্য যে, বিগত বৰ্ষত আন এজন ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈয়ে আছু ত্যাগ কৰি AJPত সভাপতি পদত যোগদান কৰিছিল।
কিছুদিন পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি মিছা বাতৰি প্ৰকাশ পাইছিল।
ইয়াৰ পিছত পলাশ চাংমায়ে ফেচবুকত স্পষ্টীকৰণ দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। স্পষ্টীকৰণত তেওঁ কৈছিল যে- ‘মই কেতিয়াও বিজেপিত যোগদান নকৰো।’
ইফালে অজাপত যোগদানৰ পূৰ্বে তেওঁ ফেচবুকত পৰোক্ষভাৱে দলটোত যোগদানৰ কথা উল্লেখ কৰিছিল।
Photo: Facebook