অসমৰ চাহ-বাগিচাত এনে কি নাছিল যে কংগ্ৰেছে নিজৰ মুখ্য অফিচিয়েল পেজত টাইৱানৰ ফটো লগালে।
‘অসম বচাও আহক’ শ্ল’গান থকা পেজতে যদি অসমৰ চাহ-বাগিচা নাথাকে, তেন্তে ‘চীন বচাও আহক’ শ্ল’গান ব্যৱহাৰ কৰিলে হ’লহেতেন।
এই কাণ্ডই অসমৰ চাহ-বাগিচাৰ শ্ৰমিকসকলক অপমান কৰা বুজোৱা নাই নে?
নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে কংগ্ৰেছৰ এই অদ্ভূট কাণ্ডৰ সমালোচনা চলিছে এতিয়া শাসকীয় বিজেপি দলৰ মাজত।
কংগ্ৰেছৰ এই কৰ্মকাণ্ডক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত প্ৰশ্ন উত্থাপন কৰিছে।
কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ‘ অসম বচাও আহক’ শ্ল’গান ব্যৱহাৰ কৰা কংগ্ৰেছৰ মুখ্য অফিচিয়েল পেজতে লাগিল টাইৱানৰ চাহ-বাগিচাৰ ফটো।
সেই ফটোখন শ্বেয়াৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে যে অসমৰ চাহ-বাগিচা বুলি অসম উদ্ধাৰ কৰোতাসকলে লগালে টাইৱানৰ চাহ-বাগিচাৰ ফটো।
Official Congress campaign page is using photo of tea garden from Taiwan to say "Assam Bachao".
Congress leaders can't even recognise Assam?
This is an insult of Assam and Tea Garden workers of our state. #CongressInsultsAssam pic.twitter.com/UTS7iSROu2
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 4, 2021
লগতে তেওঁ ক’লে, কংগ্ৰেছৰ এই কাণ্ডই অসমৰ চাহ-বাগিচা আৰু চাহ শ্ৰমিকক অপমান কৰাৰ দৰে হৈছে।
সৌ সেইদিনা অসমত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে চাহ-বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সৈতে চাহ-পাত তুলিছিল।
আৰু সভাত অতি গৌৰৱেৰে কৈ গৈছিল যে, কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰতিদিনে চাহ শ্ৰমিকসকলে ৩৬৫ টকাকৈ বেতন লাভ কৰিব।
কিন্তু কংগ্ৰেছৰ এয়া কি কাণ্ড অসমৰ চাহ-বাগিচাও চিনি নোপোৱা হ’ল যে?
অসমলৈ আহি চাহ-বাগিচাত চাহপাত তুলি কেইখনমান ফটো উঠি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাই মূল উদ্দেশ্য আছিল নেকি তেওঁলোকৰ?
টাইৱানৰ ফটো লগাই ‘অসম বচাও আহক’ শ্ল’গান যুক্তিহীন।
ইফালে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই ফটো শ্বেয়াৰ কৰাৰ পিছতে কংগ্ৰেছৰ ‘অসম বচাও আহক’ ফেচবুকত পেজত অন্তৰ্ধান এই ফটোখন।
বাৰু বুজিলো মানুহ মাত্ৰেই ভুল, কিন্তু এটা ভুলেই বাৰে বাৰে কিয়?
কাৰণ কংগ্ৰেছৰ ‘অসম বচাও আহক’ ফেচবুকত পেজত পুনৰ টাইৱানৰ শ্ৰমিকে চাহপাত তুলি থকা ফটো লগালে।
এই ফটো পুনৰ শ্বেয়াৰ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
First Congress couldn't identify Assam, now Congress can't even recognise Assamese people.
This is again a pic from Taiwan.
Congress leaders have forgotten Assam. Let's show @INCIndia how beautiful our land is. #CongressInsultsAssam pic.twitter.com/TfRxXdfUAK
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 4, 2021
হিমন্ত বিশ্ব শৰ্মাই ক’লে যে, প্ৰথমে কংগ্ৰেছে অসমৰ চাহ-বাগিচা চিনি পোৱা নাছিল, এতিয়াটো কংগ্ৰেছে অসমীয়া লোককে চিনি নাপায়।
পুনৰ একে টাইৱানৰ ফটো। কংগ্ৰেছী নেতাসকলে পাহৰি গ’ল অসমীয়া লোকক।
এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কংগ্ৰেছে সঁচাকৈয়ে পাহৰি গ’ল নেকি অসমৰ চাহ-বাগিচাৰ কথা আৰু অসমীয়া লোকক।
নে তেওঁলোকে কোনো নিৰ্বাচনী ৰণনীতি চলাইছে। বাৰে বাৰে কিয় একেটা ভুলে কৰি আছে কংগ্ৰেছে?