নিৰ্বাচনৰ পূৰ্বে অসমকলৈ অধিক তৎপৰ হোৱা দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷
২০ মাৰ্চত চতুৰ্থবাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী ৷
নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চাবুৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব প্ৰধানমন্ত্ৰীগৰাকী।
উজনি অসমত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আহিব মোদী ৷
চাবুৱাত বিশাল নিৰ্বাচনী সভাত অংশ ল’ব মোদীয়ে ৷
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ ৰাজ্যিক বিজেপি আৰু অগপ ৷
নিৰ্বাচনী সভাত ১০ হাজাৰতকৈ অধিক লোকৰ অংশগ্ৰহণৰ সম্ভাৱনা কৰা হৈছে ৷