নিৰ্বাচনলৈ মাজত মাথো এপষেক বাকী ৷
পূৰ্ণ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ তথা নিৰ্বাচনী ৰণনীতি ৷
দুলীয়াজানতো কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈৰ প্ৰস্তুতি তুংগত ৷
মঙলবাৰে নিশা দুলীয়াজানস্থিত ধ্ৰুৱজ্যোতি গগৈৰ বাসগৃহত কংগ্ৰেছৰ দলীয় সভা সম্পন্ন ৷
দুই শতাধিক দলীয়কৰ্মীৰ উপস্থিতিত উদাত্ত ভাষণ প্ৰদান কৰে ধ্ৰুৱজ্যোতি গগৈয়ে ৷
মূল্যবোধৰ ৰাজনীতিৰে দুলীয়াজানবাসীক আগুৱাই নিয়াৰ অংগীকাৰ প্ৰাৰ্থীগৰাকীৰ ৷
কিন্তু আগন্তুক নিৰ্বাচনত পৰাজিত হ’লে ভৱিষ্যতে ৰাজনীতি নকৰো বুলিও উল্লেখ কৰিলে গগৈয়ে ৷
ভাষণ প্ৰসংগত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা আৰু প্ৰাক্তন কংগ্ৰেছী বিধায়িকা অমিয়া গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় ধ্ৰুৱজ্যোতি গগৈয়ে ৷