নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ঠায়ে ঠায়ে আৰক্ষীৰ জালত পৰিছে উলংঘনকাৰী ৷
ইয়াৰ সমান্তৰালকৈ গহপুৰত জব্দ হৈছে ৪০ কেজিৰো অধিক গাঞ্জা ৷
নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ এক বৃহৎ সফলতা ৷
এখন বিলাসী বাহনত অনা হৈছিল ৪০ কেজি ৬০০গ্ৰাম ওজনৰ এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷
নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ত বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাৰ সমান্তৰালকৈ শেহতীয়াকৈ গহপুৰ আৰক্ষীয়ে জব্দ কৰিছে এই গাঞ্জাখিনি ।
উল্লেখ্য, গহপুৰৰ ডফলাগড়ত AS 07M 3299 নম্বৰৰ টাটা টিয়াগো বাহনখন দুৰ্ঘটনাত পতিত হৈছিল ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত গাড়ী এৰি পলায়ন কৰিছিল চালক আৰু আৰোহীয়ে ।