ৰাজ্যৰ ৰাজনীতিত এতিয়া নিৰ্বাচনৰ গৰম বতাহ ৷
সমান্তৰালকৈ আৰম্ভ হৈছে পৰৱৰ্তী মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি জল্পনা-কল্পনা ৷
২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত আৰম্ভ হ’ব অসম বিধানসভা নিৰ্বাচন ৷
প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত ৷ ষ্টাৰ কেম্পেইনাৰে ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
কিন্তু কোনো এটা ৰাজনৈতিক দলেই বৰ্তমানলৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ৷
কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?
মুখ্যমন্ত্ৰী পদৰ বাবে কাক পচন্দ কৰে অসমৰ ৰাইজে ?
কংগ্ৰেছ দলে এইবাৰ পুনৰ মুখথেকেচা খাব নেকি আগন্তুক নিৰ্বাচনত ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পিছত অভিভাৱক হেৰুৱাই এতিয়া অসমত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাচনিত বিপাঙত পৰিছে ৰাষ্ট্ৰীয় দলটো ৷
কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ নাম উল্লেখ কৰা হৈছে ৷
ইফালে শাসকীয় দল বিজেপিয়েও বৰ্তমানলৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ৷
মুখ্যমন্ত্ৰী থকাৰ পিছত পৰৱৰ্তী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নহয় বুলিও জনাইছে বিজেপিৰ নেতৃত্বই ৷
বুধবাৰে ডেপুটি স্পীকাৰ দিলীপ কুমাৰ পলে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় নেতৃত্ব ৷
কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতেই পুনৰ চৰকাৰ গঠন হ’ব বুলি বিভিন্ন জনমতৰ সমীক্ষাত প্ৰকাশ পাইছে ৷