নিৰ্বাচনলৈ মাজত মাথো এপষেক বাকী ৷ ৰাজ্যত বলৱৎ নিৰ্বাচনী বিধি, কিন্তু তাৰ মাজতে বিধি উলংঘনকাৰীক আটক আৰক্ষীৰ ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া ফ্লায়িং স্কোৱাডৰ অভিযান ৷ অভিযানত জব্দ নগদ ধনৰ লগতে কোটি কোটি টকাৰ সুৰা, আ-অলংকাৰ ৷
কোনে, ক’লৈ, কি উদ্দেশ্যৰে সৰবৰাহ কৰিছে এইসমূহ সামগ্ৰী ? টকাৰ লোভত বিবেক বিক্ৰী কৰে নেকি আমাৰ ভোটাৰে ?
ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমানলৈকে জব্দ কৰা হৈছে ৮.৮০ কোটি নগদ ধন, ৭.৬৮ কোটি মূল্যৰ সুৰা আৰু ১.৪৬ কোটিৰ সোণ-ৰূপৰ আ-অলংকাৰ ৷ ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে অসম আৰক্ষী, আৱকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ দপ্তৰ, নাৰ্ক’টিকচ কন্ট্ৰল ব্যুৰ’ , ফ্লায়িং স্কোৱাড আৰু অনান্য নিয়ন্ত্ৰক সংস্থা সক্ৰিয় হৈ পৰিছে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত ৷ অসমতো বৰ্তমানলৈকে সন্দেহযুক্ত লোকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে এই বৃহৎ পৰিমাণৰ টকাৰ লগতে মূল্যৱান সামগ্ৰী ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ বিবৃতি অনুসৰি, প্ৰায় ১০.১৮ কোটিৰ বজাৰ মূল্যৰ হেৰ’ইন, গাঞ্জা আৰু ব্ৰাউন চুগাৰসহ মাদ্ৰক দ্ৰব্য জব্দ কৰা হৈছে ৷ ইয়াৰ উপৰিও ৩.৬৯ কোটিৰ চিগাৰেট, আফিন, নিচাযুক্ত টেবলেট জব্দ কৰিছে অভিযান কালত ৷ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চলৈকে জব্দকৃত আটাইবোৰ সামগ্ৰীৰ মূল্য প্ৰায় ৩১.৮১ কোটি টকা ৷
নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰিবলৈ প্ৰতিনিধিয়ে টকা বিলোৱা বা সামগ্ৰী বিলোৱাৰ উদাহৰণ বহুত আছে ৷ গতিকে প্ৰশ্ন হয়, জব্দকৃত সামগ্ৰী সমূহো কোনো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতেই সৰবৰাহ কৰা হৈছে নেকি ? ক’ৰ পৰা ক’লৈ নিয়া হৈছে ইমানবোৰ টকা ? সচাকৈয়ে নিকা পদ্ধতিৰে অনুষ্ঠিত হয়নে নিৰ্বাচন ? সকলোৱে কোৱাৰ দৰে কেৱল শেষ নিশাৰ খেল নেকি নিৰ্বাচন ?