দিল্লীৰ পৰা ডেৰাডুন অভিমুখী শতাব্দী ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
ৰে’লখনৰ চি-৫ ডবাত ডোইবালাৰ সমীপত অগ্নিসংযোগ হয় ৷
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰে’ল কৰ্তৃপক্ষই ৷
কোনো যাত্ৰীৰ হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই বৰ্তমানলৈকে ৷
যাত্ৰীসকলক সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰে’লকৰ্তৃপক্ষ ৷
জানিব পৰা অনুসৰি, ডোইবালাৰ সমীপৰ জংঘলত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷
জৰুৰী ব্ৰেক ব্যৱহাৰ কৰি ৰে’লখন ৰখাবলৈ সক্ষম হয় ৷
কিন্তু অগ্নিসংযোগ হোৱা ডবাটোত বৰ্তমান কোনো আছে নে নাই জানিব পৰা হোৱা নাই ৷