শনিবাৰে প্ৰকাশ কৰিব তৃতীয় পর্যায়ৰ নির্বাচনৰ ৪০টা সমষ্টিৰ বিজেপিৰ প্রার্থী তালিকা ৷
সেই উদ্দেশ্যে শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা ৷
দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হয় ৰাজ্যিক নেতৃত্ব ৷
গুৱাহাটীৰ চাৰিটা সমষ্টিত এইবাৰ প্রার্থিত্বৰ দাবীদাৰত আছে ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ পর্যায়ৰ নেতা ৷
অৱশ্যে তৃতীয় পর্যায়ত নিৰ্বাচন হ’বলগা জালুকবাৰী সমষ্টিৰ বাবে ইতিমধ্যেই মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা আৰু পাটাছাৰকুছি সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নাম ৰাজ্যিক নেতৃত্বই ঘোষণা কৰি থৈছে ৷
উল্লেখ্য, দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ বৈঠকত পশ্চিমবংগ, কেৰালাৰ বাবেও প্রার্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে ৷