সাৱৰমতী আশ্ৰমত শুকুৰবাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰাৰ পিছত লাচিত বৰফুকনৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰি অসম জাতীয় পৰিষদৰ সমালোচনাৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদী ৷
অসম বাসীৰ লগতে সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীক ৷
লগতে অসম আৰু অসমীয়া জাতিৰ গৰিমামণ্ডিত ইতিহাস ভালকৈ অধ্যয়ন কৰিবলৈও আহ্বান জনায় অসম জাতীয় পৰিষদে ৷
“বীৰ লাচিত বৰফুকনক ভাৰতৰ স্বাধীনতা সংগ্ৰামী আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ইতিহাস বিকৃত কৰিছে ৷এয়া এক গুৰুতৰ অপৰাধ ৷ অসমবাসীৰ লগতে দেশবাসীৰ ওচৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষমা খোজা উচিত”- এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷
অসমৰ গৰিমামণ্ডিত ইতিহাস সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীৰ সীমিত জ্ঞান সন্দৰ্ভতো আক্ষেপ প্ৰকাশ কৰে অসম জাতীয় পৰিষদে ৷
এক প্ৰেছ বিবৃতি যোগে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ এই আহ্বান জনালে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷
photo: google