সোমবাৰ আৰু মঙলবাৰ দুদিনৰ বাবে বন্ধ থাকিব বেংক সেৱা।
দেশৰ প্ৰতিটো চৰকাৰী বেংকৰ লাখ লাখ কৰ্মচাৰীয়ে এই দুটা দিনত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ কৰিব। যাৰ বাবেই দুদিনৰ বাবে বন্ধ থাকিব বেংক।
ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে আহ্বান জনাইছে এই ধৰ্মঘটৰ।
ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদত বহিব বেংক কৰ্মচাৰীসকল।
অংশগ্ৰহণ কৰিব ১০ লাখ বেংক কৰ্মচাৰীয়ে।
১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত বেংক ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল।
Photo: Headline8