আগন্তুক বিধানসভা নিৰ্বাচনত কিমান সফল হ’ব মিত্ৰজোঁট?
এফালে অগপ আৰু বিজেপিৰ মিত্ৰজোঁট প্ৰাৰ্থী আৰু আনফালে বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী।
কাৰ দখললৈ আহিব অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বঢ়মপুৰ?
সলনি হ’ব নেকি ২০২১ নিৰ্বাচনৰ বঢ়মপুৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ।
১৯৮৫ৰ পিছৰ পৰাই নিজৰ জীৱনকালত বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে দুইবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
কিন্তু অসুস্থতাৰ বাবে এইবাৰৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৮২ হাজাৰ ভোট সংগ্ৰহ কৰাৰ পিছৰে পৰা এই সমষ্টিটোত তীক্ষ্ণ দৃষ্টি দিছিল শাসনাধীষ্ঠ দল বিজেপিয়ে।
আৰু এই নিৰ্বাচনতে ভোট বৰ্জন কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
যিটো সমষ্টি অগপৰ দুৰ্গ হিচাপে জনা যায় সেই সমষ্টিটোতে এতিয়া বিজেপিয়ে বজাইছে ৰণডংকা।
প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ পিছতে বঢ়মপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ।
১০ মাৰ্চত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে।
ইফালে মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁৰ লগত থাকে প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰা।
লগতে সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাগৰাকীও অগপ নেতা আৰু কৰ্মীয়ে ৷
আনহাতে সমষ্টিটোত সুদীৰ্ঘ দিন ধৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অহা প্ৰফুল্ল কুমাৰ মহন্তয়ো সমৰ্থন জনাইছে জিতু গোস্বামীক।
সুদীৰ্ঘ ৩৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে বঢ়মপুৰত জিতু গোস্বামীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে ৷
লগতে জিতু গোস্বামীয়ে প্ৰফুল্ল কুমাৰ মহন্তক টিকট নিদিয়াক লৈও মন্তব্য কৰিলে যে, তেওঁৰ স্বাস্থ্য ভাল নহয়।
ইফালে এই গুৰুত্বপূৰ্ণ সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি যুঁজিবলৈ সাজু হৈছে বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা।
অৱশেষত উল্লেখযোগ্য কথাটো হ’ল যে, কাৰ হাতলৈ আহিব এই সমষ্টিটো?
প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনী যুঁজত অংশ নোলোৱাৰ বাবে কিবা প্ৰভাৱ পৰিব পাৰে নেকি দলটোত?
নে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে নিজৰ দখললৈ আনিব সমষ্টিটো। সেই কথা জানিবলৈ আমি অপেক্ষা কৰিব লাগিব ২ মে’লৈ।
Photo: Google