চৌদী আৰৱে তাত থকা পুৰুষসকলক পাকিস্তান, বাংলাদেশ, চাড আৰু ম্যানমাৰৰ মহিলাসকলক বিবাহ কৰোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে।
পাকিস্তানৰ বাতৰিকাকত ডনে চৌদী মিডিয়াত এক ৰিপৰ্ট অনুসৰি এই বিষয়ে জানিবলৈ দিয়ে।
বেচৰকাৰী সংখ্যা অনুসৰি এই চাৰিওখন দেশৰ প্ৰায় ৫,০০,০০০ মহিলা চৌদী আৰৱত বাস কৰে।
মক্কাৰ আৰক্ষী মহানিৰ্দশক মেজৰ জেনেৰেল আছফ অল-কুৰেছীয়ে জনোৱা অনুসৰি বিদেশী মহিলাসকলক বিয়া কৰোৱাবলৈ ইচ্ছুকতা প্ৰদান কৰা চৌদী পুৰুষসকলে এতিয়া কঠোৰ নিয়ম-নীতিৰ সন্মুখীন কৰিব লাগিব।
বিবাহৰ পূৰ্বে চৰকাৰৰ পৰা ল’ব লাগিব অনুমতি
ডনৰ ৰিপৰ্ট অনুসৰি এই পদক্ষেপৰ উদ্দ্যেশ্য হ’ল চৌদী আৰৱৰ পুৰুষসকলক বিদেশী মহিলাসকলক বিবাহ কৰোৱাত বাধা প্ৰদান কৰা।
লগতে বিদেশী মহিলাসকলক বিবাহ কৰোৱাৰ পূৰ্বে Additional Formality নিৰ্ধাৰিত কৰা হৈছে।
কুৰেছীয়ে ক’লে যে, বিদেশী মহিলাসকলক বিবাহ কৰাবলৈ ইচ্ছা প্ৰকাশ কৰাসকলে পূৰ্বে চৰকাৰৰ অনুমতি গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰী চেনেলৰ মাধ্যমৰ জৰিয়তে বিবাহৰ আবেদন পত্ৰ প্ৰদান কৰিব লাগিব।
ইয়াৰ লগতে বিবাহ বিচ্ছেদিত পুৰুষসকলে বিবাহ বিচ্ছেদৰ ৬ মাহৰ ভিতৰত আবেদন কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।
কুৰেছীয়ে ক’লে যে,
আবেদনকাৰীসকলৰ বয়স ২৫তকৈ অধিক হ’ব লাগিব আৰু স্থানীয় জিলা মেয়ৰৰ স্বাক্ষৰিত দস্তাৱেজৰ সৈতে ফেমিলী কাৰ্ডৰ কপিও সংযুক্ত কৰিব লাগিব।
Photo: Google