শনিবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ উজনি অসমত প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ।
ৰাজ্যৰ ১২খন জিলাৰ ৪৭টা সমষ্টিত ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা কৰিব আজি ৰাইজে।
প্ৰথম পৰ্যায় ভোটদান প্ৰক্ৰিয়াত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভোট সাব্যস্ত কৰিব।
এই ভোটাৰসকলৰ ভিতৰত ৪০,৭৭,২১০ গৰাকী পুৰুষ আৰু ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰ।
এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২৩ গৰাকীহে মহিলা প্ৰাৰ্থী।
ভোটকেন্দ্ৰসমূহত ৰাইজে মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰি দিছে নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা।
ভোটকেন্দ্ৰসমূহত প্ৰশাসনৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Photo: Headline8