কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ পুনৰ স্বাস্থ্যৰ অৱনতি।
মৰিয়নীৰ পৰা চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হয় প্ৰিয়দা গগৈক।
বিগত কিছু দিনৰ পৰা পুত্ৰ অখিল গগৈৰ হৈ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল প্ৰিয়দা গগৈয়ে ৷
শেহতীয়াকৈ যোৱা দুদিনৰ পৰা শৰীৰত অধিক বিষ অনুভৱ কৰাত মঙলবাৰে পুৱা ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় ৷
ডিব্ৰুগড়ত চিকিৎসকে জানিবলৈ দিয়ে যে, ক্ৰেটিনাইন কিছু অধিক হোৱাৰ বাবে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে ৷
Photo Credit: Sapun Rahman Saikia