ৰে’লত অগ্নিকাণ্ডৰ ঘটনা এইকেইটা দিনত নিশ্চয় বেছিকে দেখিছে।
কিছুদিন পূৰ্বে নতুন দিল্লী-দেহৰাডুন শতাব্দী এক্সপ্ৰেছ (Delhi-Dehradun Shatabdi Express)ৰ এটা কোচত লাগিছিল জুই।
ইফালে গাজিয়াবাদ ষ্টেচনটো অগ্নিকাণ্ডৰ ঘটনা বহুকেইটা সংঘটিত হৈছিল।
এই ঘটনাসমূহ প্ৰত্যক্ষ কৰি ৰে’লৱেই যাত্ৰীসকলৰ বাবে অফিচিয়েল নটিফিকেচন জাৰি কৰিছে।
ৰে’লৱেই টুইট কৰি ক’লে এই কথা
ৰে’লৱেই টুইট কৰি ক’লে যে, ৰে’লত যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে জ্বলনশীল সামগ্ৰী নিজেও লৈ যাব নোৱাৰে আৰু বেলেগকো লৈ যাব দিব নোৱাৰে এয়া দণ্ডনীয় অপৰাধ।
এনেধৰণৰ কোনো কাৰ্য সংঘটিত কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জেলটো যাবলগীয়া হ’ব পাৰে।
পশ্চিম মধ্য ৰে’লৱে অনুসৰি, ৰে’লত জুই বিয়পোৱা বা জ্বলনশীল সামগ্ৰী লৈ যোৱা ৰে’ল অধিনিয়ম, ১৯৮৯ৰ ধাৰা ১৬৪ৰ অন্তৰ্গতত দণ্ডনীয় অপৰাধ।
এই অপৰাধত ধৰা পৰা লোকক ৩ বছৰলৈ কাৰাদণ্ড বা হাজাৰ টকাৰ জৰিমণা বা দুয়োটাই শাস্তি বিহিব লাগিব পাৰে।
ट्रेन में यात्रा के दौरान ज्वलनशील पदार्थ जैसे मिट्टी का तेल , पेट्रोल, पटाखे एवं गैस सिलेंडर इत्यादि ज्वलनशील सामग्री न स्वयं लेकर चलें और न ही किसी को ले जाने दें यह एक दंडनीय अपराध है l @BhopalDivision @drmkota pic.twitter.com/QtzOxlJIp2
— West Central Railway (@wc_railway) March 30, 2021
এইসমূহ সামগ্ৰী নিষিদ্ধ কৰা হৈছে
Indian Railwaysয়ে টুইটাৰযোগে জনাই যে, ৰে’লৰ ডবাত কেৰাচিন, শুকান ঘাঁহ, ষ্টোভ, পেট্ৰ’ল, গেছ চিলিণ্ডাৰ, দিয়াশলাই, ফটকা বা জুই লগাৰ যিকোনো জ্বলনশীল সামগ্ৰী নিজৰ লগত লৈ যাত্ৰা নকৰাৰ কঠোৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে।
উল্লেখ্য ৰে’লৱেই যাত্ৰীসকলৰ যাত্ৰা সুৰক্ষিত কৰিবলৈ নিয়ম বলবৎ কৰিছে যাতে যাত্ৰীসকল সুৰক্ষিতভাৱে যাত্ৰা কৰিব পাৰে।
Photo Credit: Google