আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
অসম আৰু পশ্চিমবংগত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটদান কাৰ্যসূচী।
ইফালে নিৰ্বাচনৰ মাজতে নন্দীগ্ৰামৰ পৰা এক ৰহস্যজনক ঘটনা পোহৰলৈ আহে।
নন্দীগ্ৰামত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ হয়।
TMCয়ে আত্মহত্যাৰ বাবে উচতোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
মৃতদেহ উদ্ধাৰ হোৱা বিজেপি কৰ্মীজনৰ নাম হ’ল ৫০ বছৰীয়া উদয় ডুবে।
নন্দীগ্ৰামৰ ভেকুটিয়াত নিজৰ গৃহতে ফাঁচীত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় বিজেপি কৰ্মীজনৰ মৃতদেহ।
মৃত লোকজনৰ কন্য়াই অভিযোগ উত্থাপন কৰে যে, TMCৰ ভাবুকিৰ বাবে পিতৃয়ে আত্মহত্যা কৰিছে।
জানিবলৈ দিয়া অনুসৰি, উদয় ডুবে যথেষ্ট মানসিক চাপত ভুগি আছিল।
মিথুন চক্ৰৱৰ্তীৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ বাবে TMCৰ পৰা ভাবুকি প্ৰদান কৰা হৈছিল উদয় ডুবেক।
ইফালে জ্য়েষ্ঠ TMC নেতা এগৰাকীয়ে দাবী জনাইছে যে, ডুবেই পৰিয়ালকেন্দ্ৰিক সমস্য়াৰ বাবে নিজে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে।
Photo: Google