IIT-Guwahatiৰ স্নাতক মহলাৰ এগৰাকী ছাত্ৰীক জ্যেষ্ঠ ছাত্ৰই শিক্ষানুষ্ঠানখনৰে চৌহদত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
দেওবাৰে বিয়লি অচেতন অৱস্থাত হোষ্টেলৰ বাহিৰত উদ্ধাৰ ছাত্ৰীগৰাকী।
বৰ্তমানলৈ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা ছাত্ৰীগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নায়।
বিগত ২৯ মাৰ্চ নিশা সংঘটিত হয় এই ঘটনা। নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।
অচেতন অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীয়ে পৰিধান কৰা কাপোৰ ফলা আছিল, এই কথা জানিবলৈ দিলে IIT-Guwahatiৰ কেম্পাছত থকা চিকিৎসকে ।
চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি এই কথা সন্দেহ প্ৰকাশ কৰিছে যে, ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছিল।
লগতে ছাত্ৰীগৰাকীৰ দেহত নিচাযুক্ত দ্ৰব্য়ৰো অৱস্থিতিৰ প্ৰমাণ পাইছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে।
উল্লেখ্য বিগত ২৮ মাৰ্চত নিশা ৭ বজাত IIT-Guwahatiত ছিনিয়ৰসকলে এখন সভাৰ আয়োজন কৰিছিল।
ঘটনাটোক লৈ IIT-Guwahatiৰ এগৰাকী ছাত্ৰীয়ে এটা ফেচবুক পোষ্ট কৰে।
য’ত সমস্ত ঘটনাৰ বিষয়ে বিশ্লেষণ কৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে।
Photo: Google