ছত্তীশগড়ত নক্সালৰ এম্বুছত শ্বহীদ হোৱা CRPFৰ ২১০ নং কোব্ৰা বেটেলিয়নৰ অসমৰ বাবলু ৰাভাৰ নশ্বৰ দেহ বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ ধাৰাপুৰস্থিত 175 নম্বৰ CRPFকেম্পলৈ লৈ অনা হয় ৷
ধাৰাপুৰৰ CRPFৰ কেম্পত CRPFৰ উচ্চপদস্থ বিষয়া আৰু জোৱানসকলে ৰাষ্টীয় মৰ্যাদাৰে শ্বহীদ বাবলু ৰাভাক শ্ৰদ্ধাঞ্জলি জনায়।
নিশা ২বজাত শ্বহীদ বাবলু ৰাভাৰ নশ্বৰদেহ নিজ বাসগৃহ দুধনৈলৈ লৈ যোৱা হ’ব।
শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলা তাৰৰেম অঞ্চলৰ ঘন জংঘল আৰু পাহাৰীয়া এলেকাত নক্সালবাদীৰ সৈতে হোৱা CRPFৰ গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী মহিলা নিহত হৈছিল ৷
এই সংঘৰ্ষতে শ্বহীদ হয় অসমৰ দুধনৈৰ বাবলু ৰাভা নামৰ জোৱানগৰাকী।
Photo: Headline8