আমেৰিকাৰ মিছুৰীত এজন ভাৰতীয় যুৱকক গুলী মাৰি হত্যা কৰে।
হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত স্থানীয় যুৱকক গ্ৰেপ্তাৰ কৰে।
জানিবলৈ দিয়া অনুসৰি, মৃত যুৱকজনৰ নাম শ্বৰীফ ৰহমান(৩২)।
মধ্যপ্ৰদেশৰ ভূপালৰ বাসিন্দা শ্বৰীফ আছিল ছফ্টৱেৰ ইঞ্জিনিয়াৰ।
বুধবাৰে নিশা ছেণ্ট লুইছ মিছুৰৰ ইউনিভাৰছিটী চিটী এপাৰ্টমেণ্টত গুলী মৰাৰ পিছত আহত হৈছিল।
যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছত ২৩ বছৰীয়া স্থানীয় নিৱাসী কোল. জে. মিল্লৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে, মিল্লৰৰ সৈতে ভাৰতীয় অভিযন্তাগৰাকীৰ প্ৰেমিকাৰ সৈতে আছিল সম্বন্ধ।
বিগত বুধবাৰে যেতিয়া মিল্লৰ ইউনিভাৰছিটী এপাৰ্টমেণ্টত যায় সেই সময়ত শ্বৰীফ খানৰ প্ৰেমিকা আছিল।
সেই সময়ত শ্বৰীফ খানো তাত আছিল। সেই সময়তে খান আৰু মিল্লৰ মাজত হৈছিল তীব্ৰ বাকযুদ্ধ।
সেই সময়তে মিল্লৰক খানে ঘূচিয়াই, তাৰ পিছত মিল্লৰে পিষ্টল ওলিয়াই গুলী মাৰে।
Photo: Google