বিগত বছৰ বছৰ ধৰি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ প্ৰসংগ উত্থাপন হয় আৰু পুনৰ অন্তৰ্ধান হয়।
এইবাৰ একেটা প্ৰসংগয়ে পুনৰ পোহৰলৈ আহিছে।
দীপৰ বিলক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।
যাৰ বাবে প্ৰথমেই বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ যো-জা চলিছে।
দক্ষিণগাঁৱৰ সোণাইঘুলিলৈ স্থানান্তৰিত হ’ব বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড।
সোণাইঘূলিৰ ২১ বিঘা মাটিত স্থাপন হ’ব এই প্ৰকল্প।
পৰিৱেশ প্ৰদূষণৰ সকলো দিশ চালি–জাৰি চাই সোণাইঘুলিৰ ২১ বিঘা ভূমি বাচনি কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰিছিল মহানগৰ উপায়ুক্ত বিশ্বজিত্ পেগুই।
কিন্তু এইখিনিতেই গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আছে কিছু ইতিবাচক আৰু কিছু আছে নেতিবাচক দিশ।
ইতিবাচক দিশ হিচাপে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিলে প্ৰদূষণ মুক্ত হ’ব দীপৰ বিল।
নাইকিয়া হ’ব বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ কদৰ্যময় পৰিৱেশ।
কিন্তু ইয়াৰ নেতিবাচক দিশটো হ’ল যে, দীপৰ বিলক স্বচ্ছ কৰিবলৈ গৈ পুনৰ আন এখন স্থান বলিৰ পঠা সজাবলৈ গৈ আছে।
বৰাগাঁৱৰ দৰে পৰিণত হ’বলৈ গৈ আছে আন এখন স্থান।
ইফালে দক্ষিণগাঁৱৰ সোণাইঘুলিত বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া সোণাইঘুলিৰ স্থানীয় বাসিন্দাসকলৰ মাজত সৃষ্টি হৈছে হুলস্থুলৰ।
কোনোপধ্যেই সোণাইঘুলিত বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত হ’ব নিদিয়াৰ দাবী জনাইছে ক্ষুব্ধ স্থানীয় বাসিন্দাই।
এগৰাকী স্থানীয় মহিলাই Headline8ক ফোনযোগে মন্তব্য প্ৰদান কৰি কয় যে, ‘চাৰিওফালে ঘৰ-দুৱাৰ আছে।
আমি ইয়াত ডাম্পিং গ্ৰাউণ্ড বহাব দিব নোৱাৰো।
ইয়াত ডাম্পিং গ্ৰাউণ্ড আহিলে পৰিৱেশ যথেষ্ট লেতেৰা হৈ পৰিব।
কাষত এখন খেল-পথাৰো আছে। ল’ৰা-ছোৱালীবিলাকে তাত খেলা-ধূলা কৰে।
আমি এখন মিটিং পাতিম স্থানীয় পুৰুষ আৰু মহিলাসকলক লৈ। মুঠতে আমি ইয়াত ডাম্পিং গ্ৰাউণ্ড হ’ব নিদিও।’
উল্লেখ্য বিগত ৩ মাহ পূৰ্বে পৌৰ নিগম কৰ্তৃপক্ষই চন্দ্ৰপুৰ, সোণাপুৰ, পলাশবাৰী, আমিনগাঁও, আদাবাৰী, বশিষ্ঠ এই কেইটাৰ স্থানৰ ভিতৰত যিকোনো এটা স্থানলৈ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ কথা ঘোষণা কৰিছিল কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাছিল মাটি।
গুৱাহাটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিধানসভাত তথ্য উল্লেখ কৰি গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
অৱশেষত এই কথাটো নকয় নোৱাৰি যে,
বিগত বছৰ বছৰ ধৰি ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ প্ৰসংগ এতিয়া সামৰণিৰ দিশে যদিও প্ৰশাসনে নিৰ্ধাৰণ কৰা স্থান দক্ষিণগাঁৱৰ সোণাইঘুলিলৈ আহিবলৈ দিব জানো স্থানীয় বাসিন্দাই।
নে পুনৰ এই প্ৰসংগ, প্ৰসংগয়ে হৈ থাকিব? সেয়া সময়তহে লক্ষণীয় হ’ব।
Photo: Google