অসমত দৈনিক অধিক হাৰত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
ক’ৰোনাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ থকা লোক সকলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
ক’ৰোনা আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত থকা লোক সকলে স্বাস্থ্য সমন্ধীয় নীতি নিৰ্দেশনা পালন কৰিছে নে নাই ,
তাৰ প্ৰতি লক্ষ্য ৰাখি এখন হোম কোৱাৰেণ্টাইন সমিতি গঠন কৰা হব।
অসমৰ সকলো জিলাৰ আৰক্ষী প্ৰশাসন,নাগৰিক সমিতি,গাওঁবুঢ়া, এনজিঅ’,অৱসৰ প্ৰাপ্ত শিক্ষক,ইত্যাদি লোক সকলৰ জৰিয়তে গঠন হব লাগিব এই সমিতি ।
সমিতি গঠন হোৱাৰ পিছত ৰাজ্যখনৰ সকলো অঞ্চলতে হোম কোৱাৰেণ্টাইন হৈ থকা লোক সকলে ক’ৰোনা সম্পৰ্কীয় নীতি নিৰ্দেশনা পালন কৰিছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
যদিহে কোনো ৰোগীয়ে নীতি নিৰ্দেশনা পালন নকৰে তেন্তে এই সমিতি খনে ওচৰৰ আৰক্ষী থানা এই বিষয়ে অৱগত কৰাব লাগিব।
হোম কোৱাৰেণ্টাইন নীতি নিৰ্দেশনা পালন নকৰা লোক সকলৰ বাবে আৰক্ষী প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
Photo credit :Google