উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
অক্সিজেন চিলিণ্ডাৰৰ ৰিফিলঙৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ৩জন লোকে প্ৰাণ হেৰুৱায়।
এই ঘটনাটোত ৫জন লোকে গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
দুৰ্ঘটনাটো চিনহটৰ কেটী অক্সিজেন প্লাণ্টত সংঘটিত হয়।
জানিবলৈ দিয়া অনুসৰি, চিনহটস্থিত কেটি বেল্ডিং ষ্টোৰ অক্সিজেন প্লাণ্টত দুপৰীয়া প্ৰায় ৩ বজাত জাম্বো চিলিণ্ডাৰত ৰিফিলিং কৰাৰ সময়ত ভয়ংকৰ বিস্ফোৰণ হয়।
বিস্ফোৰণত প্লাণ্টত উপস্থিত থকা ৩জন লোকৰ মৃত্যু হয় আৰু অন্য ৫জন লোক গুৰুতৰভাৱে আহত হয়।
আহত লোককেইজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
আৰক্ষী আয়ুক্ত ডিকে ঠাকুৰ আৰু জিলাধিকাৰী অভিষেক প্ৰকাশসহ অন্য বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।
বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, প্লাণ্টটোৰ চাদে উৰি যায়।
মৃত লোক কেইজন আৰু আহত লোক কেইজনৰ পৰিচয় এতিয়াও পোহৰলৈ অহা নাই।
Photo: Google