ক’ভিডে বিপৰ্যস্ত কৰা মায়ানগৰী মুম্বাইত এতিয়াও বলৱৎ হৈ আছে সান্ধ্য আইনৰ নীতি-নিৰ্দেশনা।ৰাজ্যখনত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ সমূহহে পুৱা ৭ বজাৰ পৰা বিয়লি ২ বজালৈকে খোলা ৰাখিব পাৰে।
পিছে ইয়াৰ মাজতে বিধি উলংঘা কৰি মুম্বাইৰ ৰাজপথত নিশা নিজা বাহনত ঘুৰি ফুৰা অৱস্থাত আৰক্ষীয়ে আটক কৰে বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফ আৰু দিশা পাটানিক।
লগে লগেই দুয়োৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। ইতিমধ্যেই দুৰ্যোগ ব্যৱস্থাপনা আইন ১৮৮-৩৪ ৰ অধীনত দুই তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বান্দ্ৰা আৰক্ষী থানাত।
অৱশ্যে এয়া এক জামিনযোগ্য গোচৰ হোৱা হেতুকে পৰৱৰ্তী সময়ত দুয়োকে যাবলৈ দিয়া হয় বুলি মুম্বাই আৰক্ষী সূত্ৰত প্ৰকাশ।উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰে অহা ১৫ জুনলৈকে ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে।