চলিত মাহৰ পৰা অসমলৈ ১০ খন বিশেষ ৰে’লৰ সেৱা পুনৰ আৰম্ভ কৰা হৈছে ৷ ক’ভিড মহামাৰীৰ বাবে যোৱা এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছিল ৰে’লকেইখন ৷ এই ৰেলসমূহ এতিয়া পুনৰ চলাচল কৰা হ’ব৷
এই বিশেষ ৰে’লসমূহৰ ভিতৰত আছে, কামাখ্যা-ভগত কি কোঠী, কামাখ্যা-কাটৰা, কামাখ্যা-ৰাঁচী, শিলঘাট-কলকাতা, কামাখ্যা-আনন্দবিহাৰ, ডিব্ৰুগড়-চণ্ডীগড়, গুৱাহাটী-ওখা, কামাখ্যা-গয়া, গুৱাহাটী-চিকণ্ডৰাবাদ, কামাখ্যা-পুৰী।
পূৰ্বোত্তৰ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই এই তথ্য সংবাদ মাধ্যমক জনাইছে৷