ক’ৰ’নাৰ তৃতীয় ঢৌ সম্পৰ্কত এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ বক্তব্য। তেওঁ কয় যে- অহা ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত ভাৰতত ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা আছে।
লগতে তেওঁ কয়- ‘দেশত আনল’ক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছৰে পৰা পুনৰ ‘ক’ভিড এপ্ৰ’প্ৰিয়েল বিহেভিয়াৰ’ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পৰা আমি একো নিশিকিলো। পুনৰ মানুহে ভিৰ কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰেই যদি চলি থাকে তেন্তে ৰাষ্ট্ৰীয় স্তৰত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ বৰ বেছি সময় নালাগিব…’।