ৰাজ্যৰ ৯ খন জিলাত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণে। অনিয়ন্ত্ৰিত সংক্ৰমণক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰে এই কেইখন জিলাত ১০ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ কথা চিন্তা- চৰ্চা কৰিছে বুলি এক বিশেষ সূত্ৰত প্ৰকাশ।এই সম্পৰ্কে অহা বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেটৰ পৰ্যালোচনা বৈঠকত চুড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
উল্লেখ্য যে ক’ভিড সংক্ৰমণে অনিয়ন্ত্ৰিত ৰূপ লোৱা এই ৯ খন জিলা হ’ল- -তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু বিশ্বনাথ জিলা।