ৰাজ্য কঁপোৱা APSC কেলেংকাৰিয়ে লাভ কৰিছে নতুন মোৰ।বিশেষ ন্যায়াধীশৰ আদালতত তদন্তকাৰী বিষয়া সুৰজিত্ সিং পানেছৰে নতুন এক আবেদন দাখিল কৰাৰ পিছতে পূৰ্বতে জালত নপৰা একাংশ এ চি এছ, এ পি এছ বিষয়া আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
উল্লেখ্য যে প্ৰাৰ্থীৰ উত্তৰ বহী পুনৰ পৰীক্ষাৰ বাবে আবেদন জনাইছে তদন্তকাৰী বিষয়াজনে।
পুনৰ পৰীক্ষা কৰিলে উত্তৰ বহীত পোৱা নম্বৰ আৰু টেবুলেশ্যন ছীটৰ বিসংগতি ওলোৱাৰ সম্ভাৱনা আছে।
ফৰেনছিক পৰীক্ষণ আৰু উন্নত প্ৰযুক্তিৰে লাভ কৰা তথ্যৰ ভিত্তিত প্ৰতিবেদন দাখিল কৰা হ’ব।
এই ক্ষেত্ৰত আৰক্ষীক ২০১৩ চনৰ CCE ৰ উত্তৰ বহী পুনৰ নিৰীক্ষণ কৰাৰ অনুমতি প্ৰদান কৰিছে আদালতে।