‘আৰক্ষীয়ে নিজৰ কাম কৰক, সমালোচনা মই হজম কৰিম’।
ৰাজ্যত সংঘটিত সঘন এনকাউণ্টাৰক লৈ ৰাজ্য চৰকাৰখন আৰু আৰক্ষী বিভাগ সমালোচিত হোৱাৰ পৰতে আজি বিধানসভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।লগতে ৰাজ্যৰ আইন ভংগ কাৰীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ নিৰ্দেশো তেওঁ দিয়ে আৰক্ষীক।
অসম আৰক্ষীক কাম কৰাত উৎসাহ জনাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ সমালোচনাৰ সকলো বিহ নীলকণ্ঠৰ দৰে পান কৰি যাব।