এতিয়াৰ পৰা চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেমীৰ শিক্ষাৰ্থীৰ ঘৰে ঘৰে উপলব্ধ হ’ব স্মাৰ্টফোন। যোৱা ১৬ জুলাই, শুকুৰবাৰে বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
অচিৰেই ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম আৰু শ্ৰেণীৰ শিক্ষাৰ্থীসমূহক স্মাৰ্টফোন প্ৰদান কৰা হ’ব। কৰ’ণাৰ মহামাৰীৰ সন্ত্ৰাসৰ ফলত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰম বন্ধ কৰি ৰখা হৈছিল। ফলত অনলাইন ক্লাছ বাধ্যাতমূলক কৰি দিয়া হৈছিল।
কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ বহুসংখ্যক শিক্ষাৰ্থীৰ অভিভাৱকে নিজ সন্তানক স্মাৰ্টফোন যোগাৰ কৰি দিব পৰা নাছিল। ইয়াৰ ফলত বহুত শিক্ষাৰ্থীয়ে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব পৰা নাছিল।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে স্মাৰ্টফোন প্ৰদানৰ আঁচনিয়ে গাঁও আৰু চহৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভেদাভেদ নাইকিয়া কৰিব বুলি আশা প্ৰকাশ কৰিছে।
লগতে নেওগে কয়- এই আঁচনিয়ে ৰাজ্যৰ ৮ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।