বাৰ্মিজ চুপাৰি মাফিয়া আব্দুল হানান মঙলবাৰে পুৱতি দিনা জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, “চুপাৰি মাফিয়া আব্দুল হানানক বাৰ্মিজ বেটেলনাট গোচৰৰ তদন্তৰ সন্দৰ্ভত চাপাৰাকাটালৈ লৈ যোৱা হৈছিল তেতিয়া তেওঁ বঙাইগাঁও থানাৰ অ’চি উপেন কলিতাৰ চাৰ্ভিচ পিষ্টলটো কাঢ়ি লৈছিল আৰু জিম্মাৰ পৰা পলাই যাবলৈ আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল।”
ইফালে, অভিযুক্ত আব্দুল হানানক আঁঠুত গুলীওৱা হয় আৰু লগে লগে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনাটোৰ পিছতে বঙাইগাঁও আৰক্ষী অধীক্ষক স্বপ্নীল ডেকা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছে।
পৰৱৰ্তী অনুসন্ধান এতিয়াও চলি আছে।