গুৱাহাটীঃ ‘পেগাছাছ’ৰ জৰিয়তে ফোন টেপ কৰা হৈছিল সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ৷ ইজৰাইলী চোৰাংচোৱা ছফটৱেৰ পেগাছাছক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে আজি ৰাষ্ট্রীয় সংবাদ মাধ্যমত অসমৰ এই দুই ব্যক্তিৰো ফ’ন টেপ কৰাৰ কথা প্রকাশ পাইছে৷
প্ৰণিধানযোগ্য যে ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য হৈছে ৰাজ্যৰ এজন প্রভাৱশালী ব্যক্তি৷ বিগত সময়ছোৱাত বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে ৰাজ্যজুৰি আৰম্ভ হোৱা আন্দোলনৰ সময়ত ছাত্র সন্থাৰ নেতাজনে বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ যাক লৈ শংকিত হৈ পৰিছিল ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰ৷ সেই তেতিয়াৰে পৰাই ভট্টাচার্যৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল চোৰাংচোৱাই৷ আনহাতে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ কাম-কাজো লক্ষ্য কৰি আছিল চোৰাংচোৱাই৷ সেয়েহে দুয়োৰে ফোন টেপ কৰা হৈছিল৷
উল্লেখযোগ্য যে পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ৷ সাধাৰণতে সন্ত্রাসবাদীৰ গতি-বিধি নজৰ ৰাখিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰা হয়৷ মিছকল, মেছেজ বা হোৱাটছএপৰ জৰিয়তে এই ছফটৱেৰ যিকোনো মানুহৰ ম’বাইলত প্রৱেশ কৰাৰ লগে লগে ম’বাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুচি যায়৷ মেছেজ, কল ৰেকর্ডিং, হোৱাটছএপ ছাট আদিৰ উপৰি ফ’নত থকা কেমেৰাৰ জৰিয়তে চোৰাংচোৱাই ব্যক্তিজনৰ সকলো কার্যকলাপ চাই থাকিব পাৰে৷
সাধাৰণতে এই ছফটৱেৰটো কোনো এখন দেশৰ চৰকাৰকহে বিক্রী কৰা হয়৷ উক্ত ছফটৱেৰটো ব্যৱহাৰ কৰি কংগ্রেছ নেতা ৰাহুল গান্ধী, কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, প্রশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক, সাংবাদিকৰ ওপৰত চকু ৰখাৰ অভিযোগ উত্থাপন হৈছে৷ এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ পেগাছাছৰ তালিকাত ছাত্র নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু অনুপ চেতিয়াৰ নাম অন্তর্ভুক্ত হৈ থকাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ৷