শনিবাৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দপ্তৰ পৰিচালনা কৰা আন কেইগৰাকীমান কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
অমিত শ্বাহে মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু উত্তৰ-পূবৰ সকলো ৰাজ্যৰ আৰক্ষী প্ৰধানসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত সভাপতিত্ব কৰিব। অন্যান্য কাৰ্যসূচীৰ লগতে এই বৈঠকত আন্তঃৰাজ্যিক সীমা সমস্যাৰ বিষয়ে আলোচনা কৰিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সংস্কৃতি আৰু উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংগ দিব।
গৃহমন্ত্ৰীয়ে শ্বিলঙৰ উপকণ্ঠৰ মাৱিয়াঙত আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস (আইএছবিটি) আৰু নিউ শ্বিলং টাউনশ্বিপত এটা ক্ৰায়’জেনিক প্ৰকল্প উদ্বোধন কৰিব।
শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহত্তৰ সোহৰা পানী যোগান আঁচনি আৰু পৃথক বনায়ন প্ৰকল্প উদ্বোধন কৰিবলৈ সোহৰা (পূৰ্বৰ চেৰাপুঞ্জি) ভ্ৰমণ কৰিব। তেওঁ দেওবাৰে তাত থকা ৰামকৃষ্ণ মিছন আশ্ৰমো পৰিদৰ্শন কৰাৰ কথা আছে।
ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মেঘালয়ত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।