ৰাজ্যত পুনৰ জঘন্য ঘটনা। দেওবাৰে ক্ষেত্ৰীৰ ওলোৱনি নামৰ ঠাইত এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে চাৰি পাষণ্ডই।
তামহলং নামৰ ঠাইত বাস কৰিছিল কিশোৰীগৰাকীয়ে। ইতিমধ্যে ধৰ্ষণকাণ্ড সংঘটিত কৰা চাৰি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৰ্ষণকাৰী কেইটাক মালৈবাৰীৰ বকুল বৈশ্য, দুৰুঙৰ বিকাশ সৰকাৰ, চিৰঞ্জিত সৰকাৰ আৰু নগাঁৱৰ কেশৱ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে।
সম্প্ৰতি কিশোৰীগৰাকীক জি এম চি এইছৰ শিশু কেন্দ্ৰত ৰখা হৈছে। খবৰ অনুসৰি তেওঁৰ বৰ্তমান সুস্থ অৱস্থাত আছে।