নাগালেণ্ডত নতুনকৈ ঘোষণা কৰা হ’ল তিনিখন জিলাৰ নাম ৷
সোমবাৰে এই ঘোষণা নাগালেণ্ড চৰকাৰৰ ৷
নৱগঠিত তিনি জিলা ঘোষণাৰ লগে লগে ৰাজ্যখনৰ মুঠ জিলাৰ সংখ্যা ১৫ খনলৈ বৃদ্ধি ৷
ৰাজ্যখনৰ নৱগঠিত জিলা তিনিখন ক্ৰমে- চেমিনিউ, নিউলেণ্ড আৰু চুমুকেডিমা ৷ নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখীয়ে চেমিনিউ জিলাক সকলো প্ৰকাৰৰ সা-সুবিধাযুক্ত পূৰ্ণাংগ জিলা হিচাপে উল্লেখ কৰিছে ৷ এই জিলাখন পূৰ্বে ক’হিমা জিলাত অন্তৰ্ভুক্ত আছিল ৷