অসম আন্দোলনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আছিল বিদেশী বহিস্কৰণ। লগতে অসম চুক্তি ৰূপায়নৰো ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ দফা। অথচ এই বিষয়টো বৰ্তমান অৱহেলিত। ১৯৭১ চনৰ পৰা ২০২১ চনৰ ৩১ অক্টোবৰলৈকে মুঠ ১,১০,৭৯৪ জন লোক বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষিত হোৱাৰ পিছতো ইয়াৰে মাত্ৰ ২৯,৬৬৩ জন লোককহে ২০১৩ চনৰ ১৩ অক্টোবৰৰ ভিতৰত বাংলাদেশলৈ বহিষ্কাৰ কৰা হৈছে। আনহাতে ২০১৩ চনৰ পৰা ২০২১ ৰ ১৫ ডিচেম্বৰৰ ভিতৰত ৩২৮ জন বিদেশী বহিষ্কাৰ কৰা হয় বুলি অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে।