আজি অৰ্থাৎ শুকুৰবাৰে অসম বিধানসভাত ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। পঞ্চদশ অসম বিধানসভাত শুকুৰবাৰে ভাষণ দিয়াৰ পূৰ্বে পুৱা ১০.৩০ মিনিটত বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে মুকলি কৰিলে বিধানসভা টিভি নামৰ এটা ডিজিটেল চেনেল। ডিজিটেল চেনেলটো মুকলি কৰাৰ পিছতে অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত ভাষণ আগবঢ়ায়।
চৰকাৰীভাৱে আৰম্ভ কৰা বিধানসভা টিভিয়েই হব ৰাজ্যৰ প্ৰথমটো চেনেল। এই চেনেল উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।