আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীক ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই ভেকচিন প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰিলে। অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়,”ক’ভিডক পৰাস্ত কৰা অস্ত্ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ল। বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰ সকলোতে অস্বাভাৱিক ধৰণত বৃদ্ধি লৈছে ক’ভিড আক্ৰান্ত সংখ্যা। ক’ভিডৰ নতুন প্ৰকাৰ অমিক্ৰনক লৈ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগ এলাৰ্ট হৈ আছে। ইয়াৰ বাবে ভয় খোৱাৰ প্ৰয়োজন নাই। সকলো সাৱধান হওক। স্কুল-কলেজ আদি শিক্ষানুষ্ঠান বন্ধ কৰা নহয়। অমিক্ৰন বৰ্তমানেও অসমত প্ৰৱেশ কৰা নাই যদিও অমিক্ৰনৰ সৈতে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে স্বাস্থ্য বিভাগ সাজু হৈ আছে। ইয়াৰ বাবে বিভাগে ১ হাজাৰ আই চি ইউ বেড সাজু কৰি ৰাখিছে আৰু ৯ হাজাৰ বেড অমিক্ৰন আক্ৰান্তৰ বাবে সাজু থকাৰ লগতে ৰাজ্য চৰকাৰ বৰ্তমান একে দিনাই ২৫ হাজাৰ বিচনা সাজু কৰিবলৈও প্ৰস্তুত হৈ আছে।”