নগাঁৱত তালাচীৰ নামত এগৰাকী ছাত্ৰনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰে আৰক্ষীয়ে। এই ঘটনাক কেন্দ্র কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।
শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ কচলুখুৱাত কীৰ্তিকমল বৰা নামৰ এগৰাকী ছাত্ৰনেতা আৰক্ষীৰ গুলীত আহত হয় ।
ঘটনা অনুসৰি অসামৰিক পোচাকত থকা আৰক্ষীৰ এটা দলে কেইজনমান যুৱকক সোধপোচ কৰাৰ লগতে মাৰপিট কৰি আছিল বুলি জানিব পৰা গৈছে ৷ এই দৃশ্য কীৰ্তিকমল নামৰ ছাত্ৰজনে প্ৰত্যক্ষ কৰি অসামৰিক পোচাকত থকা আৰক্ষীৰ লোককেইজনক কাৰণ সোধে আৰু ইয়াৰ পাছতেই আৰক্ষীৰ লোককেইজনৰ সৈতে কীৰ্তিকমলৰ তৰ্কাতৰ্কি লাগে ।
আৰক্ষীৰ লোককেইজনৰ মাজৰে এজন আৰক্ষীৰ জোৱানে খঙত অগ্নিশৰ্মা হৈ কীৰ্তিকমলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলায়।
আহত কীৰ্তিকমল সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে আৰক্ষীৰ লোককেইজনে কীৰ্তিকমল সুৰামত্ত হৈ আছিল বুলি অভিযোগ কৰিছে।