আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰে৷ এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে তলত উল্লেখ কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়৷
✳️ ‘স্নাতক শিক্ষক’ আৰু ‘স্নাতকোত্তৰ শিক্ষক’ৰ নামকৰণ বাতিল কৰি এনে সকলো বিদ্যমান পদক ‘বিদ্যালয় শিক্ষক’ হিচাপে জনা যাব। ‘বিদ্যালয় শিক্ষক’ পদৰ বাবে মৌলিক শিক্ষাগত অৰ্হতা হ’ব স্নাতকোত্তৰ৷
✳️ শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন সমিতি গঠন কৰা হ’ব।
✳️ ২০২২ চনৰ মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰা হ’ব।
✳️ চাহ বাগিচাৰ সকলো নিৰ্মাণাধীন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব যাতে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিব পৰা যায়।
✳️ চাহ বাগিচা ব্যৱস্থাপনাই পৰিচালনা কৰা ৩৯৯খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব।
তদুপৰি এই বৈঠকত আদৰ্শ বিদ্যালয় নিৰ্মাণৰ অগ্ৰগতি, নিযুক্তি সম্পৰ্কীয় বিষয়, শিক্ষাৰ্থীসকলৰ টিকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়।
বৈঠকত মাননীয় শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু উপস্থিত আছিল৷