ৰবিবাৰে দেশত ক’ৰোনাৰ দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত ৩ লাখ ৬ হাজাৰ ৬৪জন।
শনিবাৰে দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ৩ লাখ ৩৩ হাজাৰ ৫৩৩জন। সেই তুলনাত বহু পৰিমাণে হ্ৰাস পাইছে দেওবাৰৰ আক্ৰান্তৰ সংখ্যা। অৱশ্যে এতিয়াও দৈনিক ৩ লাখৰ ওপৰতে আছে ক’ৰোনা সংক্ৰমণৰ সংখ্যা।
শনিবাৰৰ তুলনাত আক্ৰান্তৰ হাৰ ৮ শতাংশ কমিছে। ক্ৰমাগতভাৱে ৫ দিন ধৰি ক’ৰোনাৰ গ্ৰাফ তলৰ ফালে নামিছে। কিন্তু সংক্ৰমণৰ হাৰ বাঢ়িছে।
১৭.৭৮ শতাংশৰ পৰা বাঢ়ি দেশৰ কোৰোণা সংক্ৰমণৰ হাৰ হৈছে ২০.৭৫ শতাংশ। এতিয়ালৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩.৯৫ কোটি। বিশ্বৰ নিৰিখত আমেৰিকাৰ পিছতে ভাৰত।
বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৩৯জনৰ। শনিবাৰে মৃত্যুৰ সংখ্যা আছিল ৫২৫জন।
দেশত আটাইতকৈ বেছি ক’ৰোনা আক্ৰান্তৰ সংখ্যা অধিক বেংগালুৰুত। বিগত ২৪ ঘণ্টাত ২৬ হাজাৰ ২৯৯জন ক’ৰোনা পজিটিভ হৈছে। ইয়াৰ পিছতে আছে দিল্লী। দিল্লীত বিগত ২৪ ঘণ্টাত ৯১৯৭জন আক্ৰান্তৰ হোৱাৰ বিপৰীতে ৩৫জনৰ মৃত্যু হৈছে।