অসমৰ ভূমি এৰি অসম-মেঘালয়ৰ মাজৰ সীমা সমস্যা সমাধান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিন্ধান্তৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে ।
উল্লেখ যে, ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দেওবাৰে এক সংবাদমেল সম্বোধন কৰি অসমৰ ভূমি মেঘালয়ক প্ৰদান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । অসমৰ ভূমি হস্তান্তৰৰ বাবে লোৱা মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত অসংবিধানিক বুলি মন্তব্য কৰি গগৈয়ে কয় যে, নিজৰ নিজৰ এটা ভাল ভাৱমূৰ্তি গঢ়িবলৈকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত ৷ নিজকে উত্তৰ-পূবৰ এজন বিখ্যাত ৰাজনীতিবিদ হিচাপে প্ৰমাণ কৰাৰ লক্ষ্যৰে সীমা সমস্যাক তাৎপৰতাৰে সমাধানৰ প্ৰশংসা লবলৈ মুখ্যমন্ত্ৰীয়ে এই অসংবিধানিক সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে অখিল গগৈয়ে।
ইতিমধ্যে মেঘালয়ে ৩৪.৩৪ বৰ্গ কিলমিটাৰ অসমৰ ভূমি বেদখল কৰি আছে । তাৰে ১৮.২৮ বৰ্গ মিটাৰ ভূমি এতিয়া মেঘালয়ক দিব বিচাৰিছে । পৰৱৰ্তী সময়ত বাকীখিনি ভূমিও মেঘালয়ক গতাই দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰাই সাজু হৈ আছে । তেওঁ লগতে কয় যে, অসমৰ ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, নাগালেণ্ড আৰু মিজৰামে বেদখল কৰি আছে । মেঘালয়ক ভূমি এৰি দিয়াৰ পিছতেই বাকী ৰাজ্য কেইখনকো সৰ্বমুঠ ৬৯০ বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিব লাগিব ।