ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে। বিগত ২০২১ত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৮,১২৫ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। একে সময়তে ৩২,৮৪৪ টা বটল ফেন্সিডাইল, ৩,৬৩০.৭১ কেজি ভাং, ৪৫,৮৯৭ টা য়াবা টেবলেট, ৩,৯৮,০০০ টকাৰ নকল ভাৰতীয় টকা বা জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে অভিযানত বি এছ এফে সীমান্তত ১৪১ জন ভাৰতীয় আৰু ১১৭ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আজি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ আজাৰা পাটগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আগন্তক ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজিত সংবাদ মেলত এই মন্তব্য কৰে মহাপৰিদর্শক সঞ্জয় সিং গেহলটে। বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে। বৰ্তমান ১৪২ টা বৰ্ডাৰ আউট পোষ্টৰ জৰিয়তে বি এছ এফে পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। আনহাতে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, সাধাৰণ ৰাইজৰ মাজত ক’ভিড সজাগতা সৃষ্টিৰ বাবে মাস্ক, চেনিটাইজাৰ বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণৰ লগতে বহু মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে। তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। আনহাতে ১৯৭১ চনৰ ভাৰত – পাক যুদ্ধ বিজয়ৰ লগতে বাংলাদেশৰ মুক্তি সংগ্ৰামৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বৰ্ণ জয়ন্তী পালন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম জয়ন্তীত উলিওৱা মটৰ চাইকেল ৰেলীতো বি এছ এফে ভাগ লৈছে। বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক সদায় সাহসৰে মোকাবিলা কৰি আহিছে বুলি মহাপৰিদর্শক সঞ্জয় সিং গেহলটে সদৰি কৰে। চেকেণ্ড – ইন – কমাণ্ড মনোজ কুমাৰ যাদবে আঁত ধৰা সংবাদ মেলখনত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক জে কে ৰুডোলা উপস্থিত থাকে।