নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ৫২ কিলোমিটাৰ নিলগৰ ফেক জিলাত নগা পৰম্পৰাগত মল্লযুঁজ খেলৰ বাবে প্ৰায় ৫ হাজাৰ দৰ্শক একেলগে বহি খেল উপভোগ কৰিব পৰা বাঁহৰ ইণ্ড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছে গাওঁবাসীয়ে। বিগত ১৫ দিন ধৰি ৩০ গৰাকী শ্ৰমিক এই ২১০ ×২১০ বৰ্গ ফুটৰ বাঁহৰ বিশাল ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে।
এই ষ্টেডিয়াম নিৰ্মাণত ১০০০ ডাল বাঁহ, ৭ শ কেজি তাঁৰ , ৪৪১০০ ফুট সেউজীয়া তিৰ্পালৰ প্ৰয়োজন হৈছে। উল্লেখ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা এই বিশাল বাঁহৰ ইণ্ড’ৰ ষ্টেডিয়ামত চুকুৰী এৰিয়া নগা পৰম্পৰাগত মল্লযুঁজ অনুষ্ঠিত হয়।