অসমৰ কণমাণি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২৷ মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয় হোৱা নাজিৰাৰ কণমানি শিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২ আগবঢ়াইছে৷ কোভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰা হোৱা নাই। সেয়েহে আজি পিএমঅ’ আৰু ৰাষ্ট্ৰপতি ভৱনে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত ভিডিঅ’কনফাৰেন্স যোগে কণমানি ধৃতিস্মানে অংশগ্ৰহণ কৰিছে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ ধৃতিস্মানে অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্ৰদান কৰিব মানপত্ৰ৷ এই বঁটাত আছে এটা মেডেল এখন মানপত্ৰ আৰু নগদ একলাখ টকা৷
শিৱসাগৰ জিলাৰ নাজিৰাৰ বাসিন্দা দেৱজিৎ চক্ৰৱতী আৰু মাতৃ সোনম চক্ৰৱতীৰ পুত্ৰ ধৃতিস্মান৷ ধৃতিস্মানে সুন্দৰ কণ্ঠৰে অসমীয়া, হিন্দী, ইংৰাজী ভাষাত গীত পৰিৱেশন কৰিব পাৰে। ডেৰবছৰ বয়সৰ পৰাই সংগীতৰ প্ৰতি বিশেষ ধাউতি থকা কণমানি ধৃতিমান চক্ৰৱতীয়ে অসমীয়া, হিন্দী, ইংৰাজী , বাংলা আৰু সংস্কৃত ভাষাত গীত পৰিবেশন কৰি নিজ প্ৰতিভাৰ পৰিচয় দিয়াৰ লগতে কমবয়সীয়া বহুভাষিক গায়ক হিচাপে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷