ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ গণৰাজ্য দিৱস । ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখটোৰ পৰাই আমাৰ সংবিধান খন কাৰ্যকৰী কৰা হয়। অৰ্থাৎ এই দিনটোৰ পৰাই আমাৰ দেশ খন আমাৰ সংবিধানৰ নীতি নিয়ম অনুযায়ী পৰিচালিত হয়, তথা সংবিধানখন আমাৰ দেশে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। আজিৰ এই দিনটোৰ সৈতে দেশৰ স্বাধীনতাৰ প্ৰসংগও নিশ্চিত ভাৱেই জড়িত হৈ আছে। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা সাহকীকতা তথা বিভিন্ন সেৱাৰ বাবে প্ৰদান কৰা হয় বিশেষ পুৰস্কাৰ ।
বিগত বৰ্ষৰ দৰে এই বৰ্ষতো এই পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা হৈছে কেইগৰাকী মান বিশেষ ব্যক্তি । হীৰেন চন্দ্ৰ নাথ, আইপিএছ, এডিজিপি (এছবি) অসম আৰক্ষীক বিশিষ্ট সেৱাৰ বাবে সন্মানীয় সভাপতি আৰক্ষী পদকৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছে । ইয়াৰ লগতে হৰেণ টকবি, কমাণ্ডাণ্ট, সমীজ উদ্দীন , নুৰুল ইছলাম এ.এছ আই,অচ্যত দত্ত এ.এছ আই, সুনীল মিলি হাবালদাৰ , মুজাম্মিল হক কনিষ্টবল, ৰঞ্জুমনি শইকীয়া মহিলা কনিষ্টবল , বিপুল বৰা কনিষ্টবল, হীৰেণ হাজৰিকা কনিষ্টবল, বুলন গোঁহাই, আলোক পল ,কনিষ্টবল, জগত টামাং কনিষ্টবল, জয়দীপ শৰ্মাক প্ৰদান কৰা হ’ব এই পুৰস্কাৰ ।