ই-কমাৰ্চ কোম্পানী এমাজনৰ বিৰুদ্ধে জাননী জাৰি কৰিছে ভূপাল আৰক্ষীয়ে। জাতীয় পতাকাৰ ৰং আৰু প্ৰতীক লগোৱা সামগ্ৰী বিক্ৰী কৰি জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকক অপমানৰ গোচৰত জাননী জাৰি কৰা হৈছে এমাজনলৈ। উল্লেখ্য যে এমাজনত বিক্ৰেতাই জোতা, মগ আৰু টি-ছাৰ্ট কিছুমানত জাতীয় পতাকাৰ ৰং আৰু প্ৰতীক অংকিত বিক্ৰী কৰাৰ বিৰুদ্ধে ভূপালৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল।
ৰাষ্ট্ৰীয় প্ৰতীকক অপমান ৰোধ আইনৰ ধাৰা ২ৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০৫ আৰু ৫০২ ধাৰাৰ অধীনত এমাজনলৈ জাননী জাৰি কৰা হৈছে।
উল্লেখ্য যে, অলপতে এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছত মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ৰাজ্যখনৰ ডিজিপিক এমাজনৰ মালিক আৰু বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছতে ভূপাল আৰক্ষীয়ে এমাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, “মোৰ দৃষ্টিগোচৰ হৈছে যে এমাজন কোম্পানীৰ সামগ্ৰীত দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি সন্নিবিষ্ট কৰা হৈছে। এই সামগ্ৰীবোৰ কোম্পানীয়ে বিক্ৰী কৰি আছে” ( FIR against Amazon)। মিশ্ৰই এনে সামগ্ৰীৰ মাজত জোতাও থকা বুলি উল্লেখ কৰি কয় যে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ অপমান কোনো ক্ষেত্ৰতে সহ্য কৰা নহ’ব।